ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈছে। কালি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° হাজৰিকাই সমৱেত লেখক-সাহিত্যিকসকলৰ প্ৰতিভা অভিজ্ঞতা আৰু উপলব্ধিয়ে ছাত্ৰ সমাজক উপকৃত কৰিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত অংশ লৈ বিশিষ্ট সাহিত্যিক ড° নগেন শ‍ইকীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত এই সাহিত্য মহোৎসৱে ছাত্ৰসকলৰ লগতে উদীয়মান লেখকসকলৰ সৃষ্টিশীল প্রতিভা বিকাশত ইন্ধন যোগাব বুলি আশা প্ৰকাশ কৰে। আফ্ৰিকাৰ সাহিত্যিক টেটে মিচেল কেপামাচিয়ে অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশ লৈ তেওঁৰ অভিজ্ঞতা আৰু উপলব্ধি ছাত্ৰ সমাজৰ আগত দাঙি ধৰে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ’কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। আফ্ৰিকাক কেন্দ্রীয় বিষয় হিচাপে লৈ আয়োজিত মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ কমেও ১২০ গৰাকী লেখক-সাহিত্যিকে অংশ লৈছে। মহোৎসৱৰ আটাইকেইটা দিনত কমেও ৫০ খন আলোচনা সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।