ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ ১১টা স্থানক মহামাৰী কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা শতাধিক গাহৰি বিভাগীয় কৰ্তৃপক্ষই নিধন কৰাৰ লগতে আক্ৰান্ত অঞ্চলসমূহত গাহৰি মাংসৰ বিক্ৰীৰ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্রতিনিধি দলে এই ৰোগত প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিজন উচ্চ পদস্থ বিষয়াক প্ৰেৰণ কৰিছে। একেদৰে গোলাঘাট জিলাতো এই ৰোগ নিৰ্মূলকৰণৰ বাবে জিলা প্রশাসনে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলত গাহৰি মাংসৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে।
তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎসালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপাৰ আদিকে ধৰি বিভিন্ন স্থানত সজাগতামূলক কর্মশালা অনুষ্ঠিত হৈছে। পশু চিকিৎসা বিভাগে ছোৱাইন ফিভাৰৰ কবলত পৰা অঞ্চলৰ ১ কিলোমিটাৰ ব্যাসার্ধলৈ প্ৰভাৱিত এলেকা আৰু ১০ কিলোমিটাৰলৈ নিৰীক্ষণ এলেকা হিচাপে ধৰি পশুপালকসকলক সচেতন হ’বলৈ আহ্বান জনাইছে।