ডাউনলোড
মোবাইল এপ

android apple
signal

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত, সোণাৰি, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

উজনি অসম ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিন ডিব্ৰুগড়ত কটাই জিলাখনৰ পৰা বিভিন্ন চৰকাৰী কাম-কাজ সম্পাদন কৰিব। কালি জিলাখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত, সোণাৰি, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পি এম ঊষা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ বিশেষ গ্ৰাণ্টৰ অধীনত দুটা প্ৰস্তাৱিত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক আৱাসগৃহ আৰু ছাত্ৰ আৱাসৰ আধাৰশিলা স্থাপনত অংশ ল’ব। বিয়লি পি এম শ্রী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়, নাহৰকটীয়া হকী ষ্টেডিয়াম, আই টি আইত স্থাপন হ’বলগীয়া উৎকর্ষতা কেন্দ্ৰ আৰু নামৰূপ-নাহৰকটীয়া পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব। পৰহিলৈ পুৱা মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৰাজ্যৰ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়, মন্ত্ৰীসকলৰ কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনা তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকতো অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণকালত ডিব্ৰুগড় জিলা প্রশাসনে মানৱবিহীন বিমান আৰু ড্রোন আদি উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে।
ইপিনে কালি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে ভূমি দখলমুক্ত কৰা হ’ব। ৰাজ্যত প্ৰায় ২৯ লাখ বিঘা ভূমি বেদখলৰ কবলত পৰিছে বুলি তেওঁ মন্তব্য কৰে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো সন্দেহজনক লোকে ভূমি দখল কৰি থকাৰ তথ্যও লাভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাৰ বুঢ়া-বুঢ়ী শালৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৯ কোটি টকা ব্যয়সাপেক্ষে প্রকল্প ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।