ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা সংঘটিত বাহন দুখনত শিশুসহ ১৩ জন যাত্ৰী আছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।