December 4, 2025 7:17 PM

views 26

বুঢ়ীদিহিঙৰ পাৰত আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত বুঢ়ীদিহিঙৰ পাৰত আজি মন্ত্রী বিমল বৰাই আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ কৰে। বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলে আলু খেতিৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা লৈছে। খেতিয়কসকলৰ মনোবল বৃদ্ধি কৰি তেওঁলোকক উৎসাহিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে এই বীজ ৰোপণ কাৰ্যসূচীত ভাগ লয়। তেওঁ সকলোকে কৃষিৰ জৰিয়তে এখন আত্মনিৰ্ভৰ অসমৰ ভেটি গঢ়িবলৈ ঐক্যবদ্ধভাৱে কাম কৰিবৰ বাবে আহ্বান জনায়।

September 9, 2025 1:11 PM

views 40

অৰুণোদয় বাচনি সমিতিৰ সৈতে বিধায়ক তৰংগ গগৈৰ বৈঠক

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া পৌৰসভাৰ ৱাৰ্ড সদস্য, পঞ্চায়ত প্ৰতিনিধি আৰু অৰুণোদয় বাচনি সমিতিৰ তিনিজনীয়া সদস্যৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত যোগ্য বিবেচিত প্ৰতিগৰাকী লোকে যাতে অৰুণোদয় লাভ কৰে, তাৰ বাবে সংশ্লিষ্ট সকলোকে নিজ দায়িত্ব পালন কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায় ৷

August 19, 2025 1:36 PM

views 34

ডিব্ৰুগড়ত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত স্বাৱলম্বী ভাৰত শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত চাবুৱা বহুমুখী সমবায় সমিতি লিমিটেড আৰু লুইত বহুমুখী সমবায় সমিতি লিমিটেডৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি স্বাৱলম্বী ভাৰত শীৰ্ষক এটা বিশেষ অনুষ্ঠান কালি অনুষ্ঠিত হয়। চাবুৱা লাহোৱাল পঞ্চায়তৰ অন্তৰ্গত ৰহমৰীয়া গেনিচুকৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত ভালেসংখ্যক স্থানীয় লোক, সমবায় কর্মী, হস্ততাঁত শিল্পৰ সৈতে জড়িত ব্যক্তি তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। স্থানীয় স্তৰত আত্মনিৰ...

August 4, 2025 6:38 PM

views 35

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...

March 20, 2025 10:55 AM

views 31

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ'ব। বিয়লি ৪ বজাৰ পৰা হ'বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে সামৰি ল'ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিয়লি ডিব্ৰুগড়ত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ উজনি অসমৰ কেইবাখনো সমজিলাৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম-কাজৰো পৰ্যালোচনা কৰিব।

September 28, 2024 7:25 PM

views 20

ডিব্ৰুগড় পৌৰ নিগমৰ ৫ খন মিনি ছুপাৰ চাকাৰ মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বচ্ছতাই সেৱা কাৰ্যসূচী চলি থকাৰ সময়তে আজি ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা চাফা কৰি ৰাখিবৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ চাকাৰ মুকলি কৰে। তিনিটাকৈ ডাম্পটেংক সংযোগ হৈ থকা প্ৰতিখন ছুপাৰ চাকাৰে চহৰখনত সৰু সৰু উপ-পথসমূহ সংলগ্ন নলা-নর্দমাসমূহো পৰিষ্কাৰ কৰিবলৈ সমৰ্থ হ'ব। এই কাৰ্যসূচীত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ তথা উপ-মেয়ৰকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে, স্বচ্ছতাই সেৱা-২০২৪ৰ অংশ হিচাপে আজ...

September 6, 2024 6:15 PM

views 59

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয় প্ৰাংগনত পতাকা উত্তোলন কৰিব। একেটা নিৰ্দেশনাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ১৯ খন জিলা আয়ুক্তৰ সালসলনিৰ নিৰ্দেশনাতো স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা আন নিৰ্দেশনাসমূহ অনুসৰি ১৪ ছেপ্তেম্বৰত কৰম পূজা উপল...