ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড়ত অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’ব : সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে সৱলীকৰণৰ বৃহৎ পদক্ষেপ হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ডিব্ৰুগড়ত এটা অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰিব। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ সামুদ্রিক অমৃতকাল দৃষ্টিভংগী- ২০৪৭ৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। শ্ৰী সোণোৱালে কয়, যে ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া এই উৎকৰ্ষতা কেন্দ্ৰই ৰাজ্যৰ যুৱক-যুৱতীসকলৰ অফুৰন্ত সুযোগ, সম্ভাৱনা বৃদ্ধি কৰিব আৰু তেওঁলোকক বিশ্বমানৰ সামুদ্রিক দক্ষতাৰে সাজু কৰা হ’ব। এই প্ৰকল্পই ৫০ হাজাৰৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰাৰ লগতে ভাৰতৰ আভ্যন্তৰীণ জলপৰিবহণ অৰ্থনীতিত অৰিহণা যোগাব বুলি শ্ৰী সোণোৱালে উল্লেখ কৰে। উল্লেখযোগ্য যে ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া এই উৎকর্ষতা কেন্দ্রই স্মার্ট নেভিগেচন প্রণালী, সামুদ্রিক অভিযন্তা, তথ্য প্ৰযুক্তি আৰু ল’জিষ্টিককে ধৰি অন্যান্য অত্যাধুনিক ক্ষেত্ৰত উন্নত প্রশিক্ষণ প্ৰদান কৰিব। তদুপৰি এই কেন্দ্ৰত ৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰাখি আভ্যন্তৰীণ জলপথ পৰিচালনা আৰু সামুদ্রিক সুৰক্ষামূলক পাঠ্যক্ৰমো আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।