February 18, 2025 8:03 PM | Arrest

printer

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ কৰে। পলাতক অৱস্থাত থকা ডাঃ নাথক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটীৰ ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত ডাঃ নাথক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত অধিক সোধা-পোচাৰ বাবে ৩ দিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে উপার্জনতকৈ ১৮১ শতাংশ অধিক স্থাৱৰ-অস্থাৱৰ সম্পত্তি অৰ্জনৰ তথ্য প্ৰমাণৰ আধাৰত ডাঃ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিতেই আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়। চিকিৎসকগৰাকীৰ বিৰুদ্ধে মৰনোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন প্রস্তুত কৰাৰো অভিযোগ উত্থাপিত হৈছে।