November 15, 2025 6:29 PM

views 33

দিল্লী বোমা বিস্ফোৰণ সন্দর্ভত আপত্তিজনক মন্তব্যৰ অভিযোগত ধুবুৰীৰ এজন যুৱকক গ্ৰেপ্তাৰ

দিল্লী বোমা বিস্ফোৰণ সন্দর্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে যোৱা নিশা এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্রই জানিবলৈ দিয়া মতে বিলাসীপাৰা থানাৰ আৰক্ষীৰ এটা দলে হাতীপোটা প্ৰথমখণ্ড গাঁৱৰ আজিজুৰ ৰহমান নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

November 8, 2025 8:34 PM

views 29

অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মহানগৰ কাৰ্যালয়ত ভাৰতীয় প্ৰশাসনিক বিষয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ প্ৰতিৰোধ আইনৰ অধীনত তদন্তকাৰী সংস্থাটোৱে এই সম্পত্তি জব্দ কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুক্ত আৰু দূৰৱৰ্তী শিক্ষাকোষৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা অভিযুক্ত শেৱালী দেৱী শৰ্মা ১০৫ কোটি টকাৰ দুৰ্নীতিৰ গোচৰত লিপ্ত হৈছিল। এই গোচৰতে মুখমন্ত্ৰীৰ তদাৰক...

June 26, 2025 11:21 AM

views 28

গোলাঘাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক

গোলাঘাট জিলাৰ বোকাখাতৰ পাণবাৰী চি আৰ পি এফ শিবিৰত মঙলবাৰে নিশা সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংক্রান্তত আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। এই ঘটনাত ব্যৱহৃত মটৰ চাইকেলখন চিনাক্ত কৰি আৰক্ষীয়ে মটৰ চাইকেলৰ গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইপিনে, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰাৰম্ভিক তদন্তত এই ঘটনাৰ সৈতে গঁড়ৰ চোৰাং চিকাৰী অথবা মাদক দ্রব্য সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পাণবাৰীৰ চি আৰ পি এফৰ শিবিৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই দলিয়াই থৈ যোৱা গ্ৰেণেড ...

May 14, 2025 8:52 PM

views 39

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত এই পর্যন্ত ৫৮ জন লোকক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৫৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি শোণিতপুৰ আৰক্ষীয়ে ছুকুৰ আলী আৰু ফজল আলী নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টি গোচৰ হোৱাৰ মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দেশবিৰোধী মন্তব্য কৰাৰ অভ...

February 18, 2025 8:03 PM

views 32

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ কৰে। পলাতক অৱস্থাত থকা ডাঃ নাথক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটীৰ ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত ডাঃ নাথক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত অধিক সোধা-পোচাৰ বাবে ৩ দিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে উপার্জনতকৈ ১৮১ শতাংশ অধিক স্থাৱৰ-অস্থাৱৰ সম্পত্তি অৰ্জনৰ তথ্য প্ৰমাণৰ আধাৰত ডাঃ নাথৰ বিৰুদ্ধে গোচৰ...

August 17, 2024 11:23 AM

views 30

সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়াক দুর্নীতি নিবাৰক শাখাৰ গ্ৰেপ্তাৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া খুৰচিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক দুর্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে সহকাৰী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নলবাৰীৰ কলাফকিৰতোলাত অৱস্থিত বাসগৃহত কালি সন্ধিয়া অভিযান চলায়। উল্লেখ্য যে কালি দিনৰ ভাগত দুর্নীতি নিবাৰক শাখাই সৃজনগ্রাম উন্নয়ন খণ্ডত অভিযান চলাই খণ্ড উন্নয়ন বিষয়া আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া দুগৰাকীক উৎকোচ লোৱা অৱস্থাত হাতে-লোতে ধৰা পেলায়। আঁচনিৰ বিল পাছ কৰি দিয়াৰ বাবদ খণ্ড উন্নয...

May 27, 2024 7:21 PM

views 37

জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ

ৰে'লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে ৰে'লযোগে জালনোট সৰবৰাহৰ আন এটা প্ৰচেষ্টা আজি প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। আৰ পি এফৰ এটা দলে কামাখ্যা ৰে'লৱে ষ্টেচনত ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই আজি জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ নিবাসী ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা আৰ পি এফে ৫ লাখ ৭১ হাজাৰ ৫০০ টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জালনোটসমূহ সৰবৰাহকাৰী কেইজনে ক'ৰ পৰা আনিছিল সেই সন্দৰ্ভত ৰে'লৱে আৰক্ষীৰ দলটোৱ জেৰা অব্যাহত ৰাখিছে।

May 27, 2024 6:34 PM

views 46

পুণেত প্ৰতিবেদন সালসলনি কৰাৰ অভিযোগত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰ গ্ৰেপ্তাৰ

পুণে আৰক্ষীয়ে মহানগৰখনৰ কল্যাণী নগৰত অলপতে সংঘটিত এটা পথ দুৰ্ঘটনাৰ গোচৰ সন্দৰ্ভত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ফৰেণছিক বিভাগৰ মুৰববী ডাঃ অজয় টাৱাৰে আৰু ডাঃ শ্ৰীহৰি হাৰলোৰ বুলি জানিবলৈ দিছে। পঞ্জীয়ন নথকা এখন গাড়ীৰে এটা কিশোৰে সুৰামত্ত অৱস্থাত পথ দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত দুগৰাকী যুৱ ইঞ্জিনীয়াৰ মৃত্যু হোৱাৰ ঘটনাৰ গোচৰ সন্দৰ্ভত কিশোৰটোৰ তেজৰ নমুনা সলনি কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। কিশোৰটোৰ তেজৰ নমুনা ছেছুন চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছত তেজ...

May 13, 2024 8:29 PM

views 33

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে উৎকোচ লোৱা অৱস্থাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ এজন লোকৰ পৰা বিলৰ ধন মোকলাই দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰ পৰা খাপ পিতি থকা তদন্তকাৰী দলে অভিযন্তা গোস্বামীক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পাছত তদন্তকাৰী দলে অভিযুক্তৰ হেঙেৰাবাৰীৰ বাসগৃহত অভিযান চলাই প্রায় ৮০ লাখ টকা উদ্ধাৰ কৰে।

April 25, 2024 11:14 AM

views 41

আছাম ৰাইফলছৰ কনভয়ত সংঘটিত আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত ৩জন ব্যক্তিক গ্ৰেপ্তাৰ

অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত নিষিদ্ধ উগ্রপন্থী সংগঠন আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীৰ বিবৃতি অনুসৰি আছাম ৰাইফলছৰ ৩১ আৰু ২৩ নম্বৰ বেটেলিয়নে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি মানখুল মোছা, মাননং মোছাং আৰু ঝোনৱাং হাকুম নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই আটাইকেইজনেই অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা বুলি প্ৰকাশ কৰা হৈছে। যোৱা ১৬ এপ্ৰিলৰ পুৱা প্ৰায় ৮ বজাত চাংলাং পথৰ কাষৰ মাকুম্পান...