November 19, 2025 9:59 PM | Droupadi Murmu

printer

ডিজিটেল ইণ্ডিয়া এক প্ৰকাৰৰ ৰূপান্তৰকাৰী উদ্যম আৰু এই উদ্যমে জনসাধাৰণৰ বাবে প্ৰযুক্তি সহজলভ্য কৰি তুলি অগণন সুযোগৰ দুৱাৰ মুকলি কৰিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ডিজিটেল ইণ্ডিয়া এক প্ৰকাৰৰ ৰূপান্তৰকাৰী উদ্যম আৰু এই উদ্যমে জনসাধাৰণৰ বাবে প্ৰযুক্তি সহজলভ্য কৰি তুলি অগণন সুযোগৰ দুৱাৰ মুকলি কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পঞ্চম বার্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলোকে সমান সুযোগ প্রদান কৰাৰ উদ্দেশ্যে দ্রুত ইণ্টাৰনেট সেৱা আৰু শেহতীয়া প্ৰযুক্তি দূৰণিবটীয়া এলেকালৈ লৈ যোৱা হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ লেখিয়া প্রতিষ্ঠানসমূহে আদর্শ ডিজিটেল গাঁও সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে শিক্ষার্থীসকলক নতুন দিশত চিন্তা-চৰ্চা কৰিবলৈ আৰু নতুন প্ৰযুক্তিৰ অন্বেষণত ব্ৰতী হ’বলৈ আহ্বান জনায়। উৎসাহ-উদ্দীপনা আৰু আত্মবিশ্বাসেৰে দেশ উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ লগতে কয় যে দেশে জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অগ্রণী ভূমিকা আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।