গুৱাহাটী উচ্চ ন্যায়ালয়ে ঠিকাভিত্তিক টে’ট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিছে। সদৌ অসম টে’ট উত্তীর্ণ সমাজে দাখিল কৰা গোচৰ এটাৰ শুনানিৰ অন্তত ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে ২০১৯ চনৰ জুলাইৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈ ৫ শতাংশ মৰগীয়া বানচৰ বকেয়া আৰু ২০২১ৰ জুলাইৰ পৰা ২০২২ চনৰ আগষ্টলৈ ক্ৰমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বাবে ২০১৯ চনৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ শতাংশ তথা ২০২১ৰ পহিলা জুলাইৰ পৰা ১১ শতাংশ আৰু ৩ শতাংশৰ লগতে ২০২২ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩ শতাংশ মৰগীয়া বানচ আদায় দিছিল। এই বানচ তথা বকেয়া নিয়মীয়া শিক্ষকসকলে লাভ কৰিছিল যদিও ঠিকাভিত্তিক শিক্ষকসকলক ইয়াৰ পৰা বঞ্চিত কৰা হৈছিল, যাৰ বিৰুদ্ধে সদৌ অসম টে’ট উত্তীর্ণ সমাজে ন্যায়ালয়ৰ কাষ চাপিছিল।
Site Admin | January 13, 2026 7:53 PM | Akashvani | Akashvani Guwahati | Guwahati High Court | TET teacher
ঠিকাভিত্তিক টে’ট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ