ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ চাৰিখনীয়া শৃংখলাৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকা ১১ৰাণত পৰাজিত

দক্ষিণ আফ্ৰিকাৰ ছুপাৰস্প’ৰ্ট উদ্যানত অনুষ্ঠিত টি টুৱেন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগীতাৰ চাৰিখনীয়া শৃংখলাৰ তৃতীয়খন খেলত কালি নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১১ৰাণত পৰাজিত কৰে। ভাৰতে এই জয়ৰ পাছত চাৰিখনীয়া শৃংখলাত ২-১ ফলাফলত অগ্রগতি লাভ কৰিছে। খেলখনত ভাৰতে ২২০ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত বিশ অভাৰত ৭ উইকেটৰ বিনিময়ত ২০৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আয়োজক দলটোৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত বিশ অভাৰত ৬ উইকেটৰ বিনিময়ত ২১৯ ৰান সংগ্ৰহ কৰে। খেলখনত তিলক বৰ্মাই ৫০টা বলত ১০৭ ৰান আৰু অভিষেক শৰ্মাই ২৫টা বলত ৫০ ৰান সংগ্ৰহ কৰে। আয়োজক দলটোৰ হৈ এণ্ডিলে ছিমেলানে আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মার্কো জান্সেনে এটা উইকেট দখল কৰে। ভাৰতৰ হৈ আৰ্শদীপ সিঙে ৩টা, বৰুণ চক্ৰৱৰ্তীয়ে দুটা, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে। তিলক বৰ্মাক প্লেয়াৰ অফ দা মেটচ সন্মান প্ৰদান কৰা হয়। শুকুৰবাৰে জোহান্সবার্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেল অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।