■ চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মিলনৰ পাছত আজি প্ৰকাশ পোৱা টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। ইয়াৰ লগতে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাকো স্বীকৃতি দিয়া হৈছে। শেহতীয়াকৈ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত সদস্য ৰাষ্ট্ৰসমূহে তীব্ৰ গৰিহণা দিয়াৰ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘোষণাত লগতে এনেধৰণৰ আক্ৰমণৰ ঘটনাৰ অভিযুক্ত, সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক আৰু সংগঠক সকলোৱে জবাবদিহি হোৱা উচিত বুলি কোৱা হৈছে। সন্ত্রাসবাদ বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অটল স্থিতি অক্ষুণ্ণ ৰখাৰ প্ৰতিশ্ৰুতি দৃঢ়তাৰে প্ৰকাশ কৰি এই সদস্য ৰাষ্ট্ৰসমূহে উদ্দেশ্য প্রণোদিতভাৱে কৰা এনেধৰণৰ কাৰ্যৰ গৰিহণা দিয়াৰ লগতে এই ধৰণৰ ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ সার্বভৌম অধিকাৰ আৰু দায়িত্বৰ ওপৰত আলোকপাত কৰে। এই ঘোষণাত সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদক গৰিহণা দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে যুঁজত দ্বৈত মান বা দ্বৈত মতবাদ পোষণ কৰাটো গ্ৰহণযোগ্য নহয় বুলি গুৰুত্ব আৰোপ কৰা হৈছে। উদ্ভাৱন আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ প্ৰতি সঁহাৰি জনাই এই ঘোষণাত নতুন দিল্লীত যোৱা ৩ৰ পৰা ৫ এপ্ৰিললৈ আয়োজিত পঞ্চম চাংহাই সহযোগিতা সংস্থাৰ ষ্টার্টআপ মঞ্চৰ সফল আয়োজনকো আদৰণি জনোৱা হয়। তদুপৰি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ চাংহাই সহযোগিতা সংস্থাৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে চলি থকা সাংস্কৃতিক আৰু মানৱীয় আদান-প্রদানক ঘোষণা পত্ৰৰ জৰিয়তে প্ৰশংসা কৰা হয়। টিয়ানজিন ঘোষণা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামুহিক প্ৰচেষ্টাক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হোৱাৰ লগতে চাংহাই সহযোগিতা সংস্থাৰ জৰিয়তে আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ক্ৰমৱৰ্ধমান গুৰুত্বকো প্ৰতিফলিত কৰিছে।
Site Admin | September 1, 2025 2:52 PM | Akashvani | Akashvani News | China | PMO India | SCO
টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে
