ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ  সামৰণি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সন্ধিয়া সামৰণি পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাই। বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি বোকাৰো জিলাৰ গমিয়াত এখন প্ৰচাৰ সভাত অংশ লৈ হেমন্ত চোৰেণক ৰাজ্যখনৰ দুৰ্নীতি আৰু দুঃশাসনৰ অভিযোগ তোলে। আনহাতে, জ্যেষ্ঠ জে এম এম নেতা তথা মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে তেওঁক লক্ষ্য কৰি ভাষণ দিয়াৰ বাবে বিজেপিক সমালোচনা কৰে। ডামকাত আজি এখন প্ৰচাৰ সভাত ভাগ লৈ শ্ৰীচোৰেণে কয় যে বিজেপিয়ে জনসাধাৰণক মূল বিষয়সমূহৰ পৰা আঁতৰাই নিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চম্পাই চোৰেণকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতাই এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যত ভাগ লয়। ইপিনে, কংগ্ৰেছ, আৰ জে ডি, এ জে এছ ইউ আৰু বাওপন্থী দলৰ নেতাসকলেও বিভিন্ন স্থানত সমদল, ৰোড শ্ব’ আদিত অংশগ্ৰহণ কৰে। ৰাজ্যখনত ২০ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত কৰা হ’ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।