জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীত ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজিত হ’ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক’ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্রদৰ্শন কৰা হ’ব। আলজো ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্র ইন দ্য লেণ্ড অব ব্ৰাডাৰ্ছৰ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। এই অনুষ্ঠানত কিম্বদন্তী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰিশ কাছাৰাৱল্লিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।