ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জ্যোতি চিত্ৰবনত কালিৰে পৰা ৪দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে। নৱম সংখ্যক এই মহোৎসৱত কালি মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা কপিল বৰা, মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে ৩০খন ছবি তালিকাভুক্ত কৰা হৈছে। ইয়াৰে ২০খন ছবি প্ৰতিযোগিতা শাখাত তালিকাভুক্ত কৰা হৈছে। মহোৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত পার্থজিৎ বৰুৱাৰ “জ্যোতি ককাইদেউ” আৰু বিশ্বাস সুৰেশৰ “টু ট্ৰেইন্‌ছ” ছবি দুখন প্ৰদৰ্শিত হ’ব।