ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। ৰাজাখানা ৰেল দলঙৰ সমীপত ৰঙিয়া অভিমুখী নামনিমুৱা ৰে’লখনে মহতীয়াই নিয়া লোকজন জোনাইৰ এক নম্বৰ ৰাজাখানা ৬০ বছৰীয়া তিলক ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে লোকজন প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল। স্থানীয় লোকে ৰে’ল আৰক্ষীক খবৰ দিয়াত ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Site Admin | November 8, 2025 8:42 PM | Death
জোনাইৰ ৰাজাখানাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু