ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন

■ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুই প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ’ব পাৰে। ইপিনে এছ আই টিয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে। সিদ্ধাৰ্থ শৰ্মাৰ পৰা তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মোবাইল আৰু এটা বেগ জব্দ কৰিছে। এই বেগটোৰ পৰা কেতবোৰ টেবলেট আৰু নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। এই টেবলেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ মাজতে তদন্তকাৰী গোটে আজি পুনৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপণ গাৰ্গ আৰু কণ্ঠশিল্পী অমৃতপ্রভা মহন্তক পুনৰ জেৰা কৰে। গুৱাহাটীৰ উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতাই ঘটনা সন্দৰ্ভত তিনিওকে জেৰা কৰে।
ছিংগাপুৰত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্রয়াত শিল্পীগৰাকীৰ পৰিয়ালক অর্পণ কৰা হ’ব বুলি আজি বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্ৰসাদ গুপ্তাই মন্তব্য কৰে। ছিংগাপুৰৰ নিজা নিয়ম অনুসৰি এই পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি তেওঁ কয়। ছিংগাপুৰ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোক লৈ শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে বুলিও তেওঁ কয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈ আহি পোৱা নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
প্ৰাণৰ শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ দল শীঘ্ৰেই ছিংগাপুৰলৈ যাব বুলি তেওঁ মন্তব্য কৰে। ছিংগাপুৰ প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ পাছতে আৰক্ষীৰ দলটো অসমৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ’ব বুলি তেওঁ কয়।