■ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই চি আই ডিৰ কাৰ্যালয়লৈ লৈ আহে। আজি আদালত বন্ধ থকা হেতুকে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ছিংগাপুৰত বিশেষ পৰিস্থিতিত জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই ডিৰ কাৰ্যালয়ত ইতিমধ্যে এই ঘটনাৰ কেইবাগৰাকী প্ৰত্যক্ষদৰ্শীক জেৰা কৰিছিল। কালি ছিংগাপুৰলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধানৰ শাখাৰ দুগৰাকী বিষয়া ৰাওনা হৈছে। এছ আই টিয়ে কালিও ছিংগাপুৰলৈ শিল্পীগৰাকীৰ সৈতে যোৱা সহশিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণক জেৰা কৰিছিল। কালি জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক ১০ ঘণ্টাৰো অধিক সময় এছ আই টিয়ে জেৰা কৰে।
Site Admin | October 1, 2025 5:11 PM | Akashvani | Akashvani Guwahati | CID | Justice for Zubeen Garg | SIT | Zubeen Garg
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ
