December 7, 2025 11:57 AM | Zubeen Garg

printer

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে এছ আই টিৰ প্ৰস্তুতি অব্যাহত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে অহৰহ প্ৰস্তুতি অব্যাহত ৰাখিছে। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ’ব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কালি উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে তদন্ত প্রক্রিয়া প্রায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ তিনি শতাধিক লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰহে অভিযোগনামা আদালতত দাখিল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা ১৯/২০২৫ নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব বুলি শ্রীগুপ্তাই প্ৰকাশ কৰে। তেওঁ কয়, যে ছিংগাপুৰ উৎসৱৰ আয়োজক শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ এটা সম্পূৰ্ণ পৃথক তদন্তৰ অংশ আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ সম্পৰ্ক নাই।
ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্তৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত শ্ৰীগগৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৪ নৱেম্বৰত বিধানসভাত দিয়া ভাষণৰ কথা উল্লেখ কৰিছে। এই ভাষণত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ তদন্তৰ ওপৰত ভিত্তি কৰি জুবিন গাৰ্গৰ মৃত্যু পূৰ্ব পৰিকল্পিত হত্যা বুলি ঘোষণা কৰাৰ কথাও উল্লেখ কৰে।