জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে আজি কিছুসময়ৰ পাছতে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হ’ব। এই শুনানিত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্তসহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰাত বিচাৰ চলিব সেয়া নিশ্চিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আজিৰ শুনানিত চৰকাৰী পক্ষৰ অধিবক্তাই অতিৰিক্ত সময় লোৱাৰো সুযোগ থাকিব। নিয়ম অনুসৰি কি ধাৰাত বিচাৰ চলিব সেই বিষয়ে গ্রহণ কৰা শুনানিত অভিযুক্তই আদালতত সোঁশৰীৰে উপস্থিত থাকিব লাগে যদিও আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতৰ অনুমতি সাপেক্ষে কাৰাগাৰ কৰ্তৃপক্ষই সাতোজন অভিযুক্তক ভার্চুৱেল ব্যৱস্থাৰে হাজিৰ কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গোচৰটোৰ শুনানিৰ বাবে জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গ ইতিমধ্যে ছেছন আদালতত উপস্থিত হৈছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়া আৰু অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তাও ন্যায়ালয়ত উপস্থিত হৈছে।