ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ অবৰ্তমানত ওপজা দিন উদযাপন

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ ওপজা দিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ’ত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে। গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰেপৰা জন্মদিন উপলক্ষে বিভিন্ন কার্যসূচী লোৱা হৈছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হ’ব। ইয়াৰ লগতে ৫০০ আকাশবন্তিও প্রজ্বলন কৰা হ’ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব।

বিটিআৰ প্ৰশাসনে প্রিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া জুবিন
গাৰ্গ উদ্যানৰ আধাৰশিলা আজি বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় ২৫ হাজাৰ শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰিব।
ৰাজ্যৰ ৫৩ টা স্থানত আজি শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মর্মে আজি বিভিন্ন জিলাত জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হ’ব। এই উপলক্ষে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি মানৱ শৃংখল কৰা হ’ব। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইও জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন পালন কৰিছে।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হ’ব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটনীয়ানৰ সহযোগত কালিৰে পৰা শিল্পীগৰাকীৰ ওপজা দিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে।
নগাওঁ জিলাৰ কলিয়াবৰতো প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত কলিয়াবৰৰ কুঁৱৰীটোলত ১২২ টা জাতীয় অনুষ্ঠানৰ উদ্যোগত শিল্পীগৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে।
বজালী জিলাৰ পাঠশালাৰ ৰায়পুৰত আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীৰ স্মৃতি উদ্যানখন নিৰ্মাণ কাৰ্য্য মন্ত্ৰী ৰণজিত কুমাৰ দাসে শুভাৰম্ভ কৰে। অসম গণ পৰিষদ দলে আজি শিল্পীগৰাকীৰ জন্মদিন জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে।
কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবত আজি শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে ।
ডিব্ৰুগড় জিলাৰ ৰহমুৰীয়া সূৰ্য্যোদয় যুৱ সংঘই আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।
ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্রদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্রতিমূর্তি উন্মোচন, সংগীতানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজনেৰে জনসাধাৰণে প্ৰাণৰ শিল্পীক সুঁৱৰিছে।