● ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ কৰা দৃশ্যসমূহ এছ আই টিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। অভিযুক্ত অমৃত প্রভা মহন্তই মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্রযুক্তি বিশেষজ্ঞই এই ভিডিঅ’সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰে। অৱশ্যে এই প্রতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্রক্রিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে সদৰি কৰিছে। তদন্ত প্রক্রিয়া প্রয়োজনতকৈ বেছি খৰতকীয়া কৰিলে তদন্ত আধৰুৱা হোৱাৰ আশংকা থকা হেতুকে জনসাধাৰণক ধৈৰ্য্য সহকাৰে বিচাৰ প্ৰক্ৰিয়াৰ সামৰণিৰ বাবে অপেক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে।
এই ঘটনা সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ’ব। এই ব্যক্তিসকলৰ ভিতৰত সাংবাদিক মনোজ কুমাৰ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচার্য, সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, ডাঃ হিতেশ বৰুৱা, সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু উদীয়মান গীতিকাৰ ৰাহুল গৌতম শৰ্মাও আছে। অৱশ্যে ইয়াৰে কেইবাগৰাকীও ব্যক্তিয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰা নাই আৰু বৈঠকত উপস্থিত থাকিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰসন্থাই এই আলোচনাত অংশ নলয় বুলি স্পষ্ট কৰি দিছে। একেদৰে সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়েও এই আমন্ত্ৰণ অস্বীকাৰ কৰিছে। অৱশ্যে সাংবাদিক অতনু ভূঞাই এই বৈঠকত উপস্থিত থাকিব বুলি প্ৰকাশ কৰিছে।
জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্ৰহণ কৰা হয় ।