ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 23, 2025 1:57 PM | CM Direction

printer

জি এম চি এইচৰ নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন আজিৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্রীৰ নিৰ্দেশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন আজিৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে। কালি নলবাৰীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° শৰ্মাই এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে জি এম চি এইচৰ অধ্যক্ষক বদলি কৰাৰ বাবে বিভিন্ন পক্ষই দাবী জনাই আহিছে যদিও কোনো কাৰণতে অধ্যক্ষ সলনি কৰা নহয়। তদন্ত সমিতিৰ প্ৰতিবেদন দাখিলৰ পাছতে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। জি এম চি এইচৰ দৰে এখন ডাঙৰ চিকিৎসালয়ত কেতিয়াবা এনে ধৰণৰ ঘটনা হোৱাটো কোনো ডাঙৰ কথা নহয় বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে। অৱশ্যে নৱজাতকৰ মৃত্যুৰ ঘটনাত নাৰ্ছৰ অৱহেলা থকা বুলি তেওঁ স্পষ্টকৈ কয়। সন্তানৰ মৃত্যুৰ বেদনা মাতৃতকৈ কোনে ভালদৰে বুজিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী নাৰ্ছৰ অৱহেলাৰ বাবে আনসকলে আন্দোলন কৰিব লগা নাই বুলিও কয়।
ইপিনে, ৰাজ্য চৰকাৰে কালি এটা নিৰ্দেশনা যোগে ডাঃ অভিজিৎ শৰ্মাক জি এম চি এইচৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে দেৱজিৎ চৌধুৰীক নতুন অধীক্ষকৰ দায়িত্ব দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।