August 23, 2025 1:57 PM

views 18

জি এম চি এইচৰ নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন আজিৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্রীৰ নিৰ্দেশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন আজিৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে। কালি নলবাৰীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° শৰ্মাই এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে জি এম চি এইচৰ অধ্যক্ষক বদলি কৰাৰ বাবে বিভিন্ন পক্ষই দাবী জনাই আহিছে যদিও কোনো কাৰণতে অধ্যক্ষ সলনি কৰা নহয়। তদন্ত সমিতিৰ প্ৰতিবেদন দাখিলৰ পাছতে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলিও মুখ্যম...