কেন্দ্ৰীয় চৰকাৰে কালি সামগ্ৰী আৰু সেৱাকৰ – জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্রমিক, উদ্যোগী তথা অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি কালি জি এছ টি পৰিষদে এই যুক্তিগত সংস্কাৰ সাধনত অনুমোদন দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ বৈঠকত কৰৰ স্তৰ যুক্তিসগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নতুন দিল্লীত পৰিষদৰ বৈঠকৰ অন্তত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে সকলোবোৰ ব্যক্তিগত জীৱনবীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা জি এছ টি উঠাই লোৱাৰ বাবে জি এছ টি পৰিষদে অনুমোদন জনাইছে। সাধাৰণ সামগ্ৰীৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰাৰ বিপৰীতে কেতবোৰ বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত ৪০ শতাংশ স্তৰ নতুনকৈ ধাৰ্য কৰা হৈছে। এই অনুসৰি ঘিউ, বাদাম, বটলৰ খোৱাপানী, ভূজিয়া, চাইকেল, ছাতি, পেঞ্চিল, ২৫০০ টকালৈকে জোতা ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত এই কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিছে। একেদৰে চেম্পু, মূৰত ঘঁহা তেল, টুথপেষ্ট ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত কৰৰ পৰিমাণ পূৰ্বৰ ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সহায়ক হোৱাকৈ চিমেণ্ট আৰু টি ভি, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, এ চি ইত্যাদি বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ পৰিমাণ পূৰ্বৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। সৰু গাড়ী, মটৰ চাইকেল, এম্বুলেঞ্চ আদিৰ ক্ষেত্ৰতো কৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। কালি পৰিষদীয় সিদ্ধান্তত স্বাস্থ্য সেৱা আৰু শিক্ষা খণ্ডতো কৰৰ পৰিমাণ লক্ষণীয়ভাৱে হ্ৰাস কৰা হৈছে। জীৱনদায়িনী ঔষধ, ৩৩ প্ৰকাৰৰ কৰ্কট ৰোগৰ ঔষধ, চশমা আৰু অন্যান্য চিকিৎসা সামগ্ৰী কৰমুক্ত কৰা হৈছে বুলি বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমনে ঘোষণা কৰে। অন্যান্য ঔষধৰ ক্ষেত্ৰত থকা জি এছ টিৰ পৰিমাণ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। সেইদৰে চিকিৎসাত ব্যৱহৃত বিভিন্ন সা-সঁজুলি আৰু শৈল্য চিকিৎসা, দন্ত চিকিৎসা, পশু চিকিৎসা আদিৰ ক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰপাতিৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে ৷
নৱৰাত্ৰীৰ প্ৰথম দিনটোৰ পৰাই অৰ্থাৎ অহা ২২ ছেপ্তেম্বৰ পৰাই এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ’ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে কয়, যে সাধাৰণ লোকসকলৰ বাবে বীমাৰ সুবিধা সুলভ কৰাৰ উদ্দেশ্যে জি এছ টি এই সংস্কাৰ কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক সমর্থন জনাই এই সংস্কাৰ সময়োপযোগী সিদ্ধান্ত বুলি অভিহিত কৰিছে।