নতুনকৈ প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ আৰু স্তৰসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ভূপালত এখন সংবাদমেলত কয়, যে জি এছ টি ব্যৱস্থাৰ পৰিৱৰ্তনসমূহে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলক লাভান্বিত কৰিব। তেওঁ কয়, যে কৃষি আহিলা-পাতিৰ ওপৰত আৰোপিত জি এছ টি হ্ৰাস কৰাৰ ফলত কৃষি কাৰ্যৰ ব্যয় হ্ৰাস পাব আৰু কৃষকসকলৰ আয় বৃদ্ধি পাব।
জৈৱ কীটনাশক আৰু সূক্ষ্ম পোষক দ্ৰব্যৰ ওপৰত আৰোপিত জি এছ টি হ্ৰাস কৰা হৈছে বুলি উল্লেখ কৰি শ্রীচৌহানে কয়, যে ইয়াৰ ফলত কৃষকসকলক লাভান্বিত হোৱাই নহয়, বৰং এই সিদ্ধান্তই ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে গাখীৰ আৰু চীজৰ ওপৰত আৰোপিত জি এছ টি প্ৰত্যাহ্বাৰৰ সিদ্ধান্তই গ্ৰাহকসকলকে উপকৃত নকৰে- খেতিয়ক, গোপালক আৰু দুগ্ধ উৎপাদকসকলকো সকাহ দিব। শ্রীচৌহানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে এন ডি এ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ শলাগ লয়। এই উদ্যমসমূহৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ট্রেক্টৰ, শস্য চপোৱা যন্ত্ৰ আৰু ৰোটাভেট’ৰ দৰে কৃষি কার্যত ব্যৱহৃত আহিল ওপৰত আৰোপিত জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষিৰ সৈতে জড়িত পশুপালন, মৌ পালন, মৎস্য পালন, হাঁহ-কুকুৰা পালন আৰু কৃষি বনপালনৰ দৰে আনুসংগিক খণ্ডসমূহো জি এছ টি ৰেহাইৰ সিদ্ধান্তৰ দ্বাৰা লাভান্বিত হ’ব। এই সিদ্ধান্তই কৃষি অর্থব্যৱস্থা অধিক টনকিয়াল কৰিব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
শ্রীচৌহানে লগতে গ্রামাঞ্চলৰ মহিলা, বিশেষকৈ হস্তশিল্প, চামৰাৰ সা-সামগ্ৰী আৰু দুগ্ধ উৎপাদন খণ্ডৰ সৈতে জড়িত আত্মসহায়ক গোটসমূহৰ ওপৰত পৰিব পৰা ইতিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে জি এছ টি ব্যৱস্থাৰ সংস্কাৰে ভালেসংখ্যক মহিলাক তেওঁলোকৰ আয় বৃদ্ধি কৰি আৰু আত্মসহায়ক গোট বিপ্লৱৰ গতি প্ৰদান কৰি বিত্তীয়ভাৱে সৱল কৰি তুলিব।
শ্রীচৌহানে গাখীৰ আৰু চীজৰ ওপৰত আৰোপিত জি এছ টি প্ৰত্যাহাৰ কৰাৰ বাবে দুগ্ধ উৎপাদন খণ্ডত চাহিদা বৃদ্ধি পাব বুলি মন্তব্য কৰে। তেওঁ কয়, যে এই সিদ্ধান্তই অকল সাধাৰণ ৰাইজক লাভান্বিত কৰাই নহয় বৰং খেতিয়ক আৰু উৎপাদকসকলকো উপকৃত কৰিব। ইয়াৰ ফলত কৃষি অনুকূল ব্যৱস্থা অধিক শক্তিশালী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | September 7, 2025 11:07 AM | GST effect
জি এছ টিৰ সংস্কাৰে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ
