● সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব বুলি দেশৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাইও ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত হ’ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ব্যৱস্থাই দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক নিশ্চিত কৰিছে। তেওঁ কয় যে কৰ্কট ৰোগ আৰু আন কেইবাটাও জটিল ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা ৩৬বিধ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ শূন্য শতাংশলৈ হ্ৰাস কৰা হৈছে। তদুপৰি স্বাস্থ্য আৰু জীৱন বীমাক জি এছ টিৰ পৰা ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰি এই কাৰ্যক দেশৰ জনসাধাৰণক উপকৃত কৰিব পৰা বৃহৎ পদক্ষেপ বুলি তেওঁ মত প্রকাশ কৰে।
Site Admin | September 4, 2025 3:54 PM | Akashvani | Akashvani News | GST | India Economy
জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব
