February 7, 2025 10:59 AM | Japan Leader in Assam

printer

জাপানৰ প্রতিনিধি দলৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ ইতিবাচক বার্তা কঢ়িয়াই কালি জাপানৰ এটা প্রতিনিধি দল অসমত উপস্থিত হয়। ৫১জনীয়া দলটোৱে জাগীৰোডত নিৰ্মাণ কাৰ্য চলি থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বিশেষ বৈঠকতো অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোত ভূটান আৰু ভাৰতৰ যুটীয়া ৰাষ্ট্ৰদূত কেইচি অ’ন’ তথা বাংলাদেশস্থিত জাপানৰ ৰাষ্ট্রদূত টাকাহাছি নাউকীৰ উপৰি কেইবাটাও প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়ববীয়া অন্যতম আছিল। প্ৰকল্পটো পৰিদৰ্শনৰ অন্তত যুটীয়া ৰাষ্ট্রদূত কেইচি অন’ৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত বিনিয়োগ কৰিবলৈ জাপানৰ বহু প্রতিষ্ঠান আগ্রহী। মিটছুবিছি কৰ্পোৰেশ্যন ইণ্ডিয়া প্রাইভেট লিমিটেড, ইৱাটানি কৰ্পোৰেশ্যন, টকিঅ’ ইলেকট্রন লিমিটেডকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়া কালিৰ পৰিদৰ্শন কালত প্ৰতিনিধি দলটোত উপস্থিত আছিল।
প্রতিনিধি দলটোৱে কালি ডিমৰিয়াত স্থানীয় কৃষকসকলে নেশ্যনেল বেম্বো মিছনৰ অধীনত আৰু আমপ্ৰি অৰেঞ্জ প্রডিউচাৰ কোম্পানীৰ উদ্যোগত ৫৮৫ হেক্টৰ ভূমিত কৰা বাঁহ খেতিও পৰিদৰ্শন কৰে। জাপানৰ ৰাষ্ট্রদূত, দূতাবাসৰ প্ৰতিনিধি, জাপান বেংক ফৰ ইণ্টাৰনেশ্যনেল কৰ্পোৰেশ্যন, জাপানী উদ্যোগৰ প্ৰতিনিধিৰ বৃহৎ দলটোৰ ভ্ৰমণে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাঁহভিত্তিক জৈৱ অৰ্থনীতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আৰু অসমক কেন্দ্ৰ কৰি ভাৰত-জাপানৰ উদ্যোগপতিসকলৰ মাজত দেখা দিয়া উৎসাহে অসমক অনাগত দিনত উদ্যোগীকৰণৰ দিশত আগুৱাই নিব বুলি কালি জাপানৰ প্রতিনিধিবৰ্গৰে হোৱা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা ব্যক্ত কৰে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে অসমক আন্দোলন বিবর্জিত শান্তিপ্রিয় অঞ্চল হিচাপে বিশ্বৰ আগত চিনাকি কৰাই দিবলৈ বিচৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।