জাপানত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্রতিযোগিতাত জেভলিন তাৰকা নীৰজ চোপ্ৰাই অভিযান আৰম্ভ কৰিব

জাপানৰ টকিঅ’ত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্রতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডত ভাৰতৰ জেভলিন তাৰকা নীৰজ চোপ্ৰাই আজি অভিযান আৰম্ভ কৰিব। গ্রুপ-এত খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ ডায়মণ্ড লীগৰ চেম্পিয়ন জুলিয়ান ৱেবৰ, ২০১২ৰ অলিম্পিকত সোণৰ পদক বিজেতা কেশ্বর্ণ ৱালক’ট, চেক গণৰাজ্যৰ জেকব ৱডলেজ আৰু স্বদেশৰেই শচীন যাদৱৰ বিৰুদ্ধে প্রতিযোগিতাত অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি আজি বিয়লি ৩ বাজি ৪০ মিনিটত এই খেল আৰম্ভ হ’ব।
নীৰজ চোপ্ৰাই তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন খিতাপ দখলৰ লক্ষ্যৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। ২০২৩ চনত সোণৰ পদক জয় লাভ কৰি তেওঁ ইতিহাস ৰচিছিল।
আনহাতে পাকিস্তানৰ আৰ্শ্বাদ নদিম, দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা গ্রেনেডাৰ এণ্ডাৰ্চন পিটাৰ্ছ, ২০১৫ৰ বিশ্ব চেম্পিয়ন জুলিয়াছ য়েগ’, ব্রাজিলৰ লুইছ ডিছিল্ভা, ভাৰত ৰোহিত যাদৱ আৰু য়শবীৰ সিং, শ্ৰীলংকাৰ ৰুমেশ থাৰাংগাক প্ৰতিযোগিতাৰ গ্ৰুপ-বিত অন্তৰ্ভুক্ত কৰা হৈছে।
মহিলাৰ জেভলিন থ’ত এছিয়ান গেমছত সোণৰ পদক বিজেতা অন্নু ৰাণীয়ে ভাৰতীয় দলটোৰ নেতৃত্ব দিব। মহিলাৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডৰ খেলসমূহ পৰহিলৈ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।