September 17, 2025 12:44 PM

views 25

জাপানত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্রতিযোগিতাত জেভলিন তাৰকা নীৰজ চোপ্ৰাই অভিযান আৰম্ভ কৰিব

জাপানৰ টকিঅ’ত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্রতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডত ভাৰতৰ জেভলিন তাৰকা নীৰজ চোপ্ৰাই আজি অভিযান আৰম্ভ কৰিব। গ্রুপ-এত খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ ডায়মণ্ড লীগৰ চেম্পিয়ন জুলিয়ান ৱেবৰ, ২০১২ৰ অলিম্পিকত সোণৰ পদক বিজেতা কেশ্বর্ণ ৱালক’ট, চেক গণৰাজ্যৰ জেকব ৱডলেজ আৰু স্বদেশৰেই শচীন যাদৱৰ বিৰুদ্ধে প্রতিযোগিতাত অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি আজি বিয়লি ৩ বাজি ৪০ মিনিটত এই খেল আৰম্ভ হ'ব। নীৰজ চোপ্ৰাই তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন খিতাপ দখলৰ লক্ষ্যৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। ২০২৩ চনত স...