● জাগীৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। তেওঁলোকে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান-প্ৰদান কৰিছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্রথাৰ মূল হাট মুকলি কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হয়। সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰিছে গোভা ৰজা দীপসিং দেওৰজাই। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হৈছে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে কালি পুৱা এই মেলা আৰম্ভ হয়। গোভা ৰজা দীপসিং দেওৰজাই বন্তি প্ৰজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মুকলি কৰে।