January 24, 2026 8:13 PM

views 27

জোনবিল মেলাৰ আজি সামৰণি

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভা ৰজাই জোনবিল মেলাথলীত ৰাজদৰবাৰ বহুৱাই প্ৰজাসকলৰ পৰা প্ৰতীকি ৰূপত কৰ-কাটল সংগ্ৰহ কৰাৰ পাছতে জোনবিল মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনা তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট কবি হৰেন্দ্ৰ বৰাই এই কবি সন্মিলন উদ্বোধন কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত পূৰ্বৰ দৰে এইবাৰো ঐতিহাসিক বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে থলুৱাভাৱে উৎপাদিত সামগ্ৰী ভৈয়ামৰ লো...

January 23, 2026 11:40 AM

views 31

জাগীৰোডৰ জোনবিলৰ পাৰত ৩ দিনীয়াকৈ জোনবিল মেলা

● জাগীৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। তেওঁলোকে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান-প্ৰদান কৰিছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্রথাৰ মূল হাট মুকলি কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত ...

January 22, 2026 7:22 PM

views 18

আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা অনুষ্ঠিত

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে এই মেলা আৰম্ভ হয়। গোভা ৰজা দীপসিং দেওৰজাই বন্তি প্রজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু দীপসিং দেওৰজাৰ লগতে মধ্য অসমৰ ২১ গৰাকী তিৱা ৰজাই শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মু...

January 22, 2026 11:50 AM

views 29

আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। আজি পাহাৰৰ মামা- মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। কাইলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ'ব। মামা-মামীসকলে পাহাৰত উৎ...

January 21, 2026 12:38 PM

views 37

কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যাব। কাইলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। কাইলৈ পাহাৰৰ মামা-মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। পৰহিলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্...

January 18, 2025 7:58 PM

views 20

জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ সামৰণি

মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভা ৰজা দীপসিং দেওৰজাই দ্বিতীয়খন ৰাজদৰবাৰ অনুষ্ঠিত কৰে। এই ৰাজদৰবাৰত মধ্য অসমৰ তিৱা ৰজাসকলে অংশগ্ৰহণ কৰে। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকি ৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰে।