ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ’ব। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদ্ৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ অৰ্ধশতাধিক গাঁৱৰ লগতে মেঘালয়ৰ ২০ খনৰো অধিক গাঁৱৰ মামা-মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্রথাত অংশগ্রহণ কৰিব। জোনিবল মেলাৰ দ্বিতীয় দিনা বহিবলগীয়া গোভা দেওৰজাৰ ৰাজদৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। এই ৰাজদৰবাৰতে ২২ গৰাকী তিৱা ৰজাক ৰাজ্য চৰকাৰে ৰাজভাত্তা প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।