January 21, 2026 7:48 PM

views 15

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। কাইলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। কাইলৈ পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। পৰহিলৈ কাহিলী পুৱাতে ঐতিহাসিক ব...

January 16, 2025 1:54 PM

views 23

জোনবিলৰ পাৰত আজিৰে পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকিৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব।বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাত পাহাৰ- ভৈয়ামৰ সম্প্ৰীতিৰ...

January 15, 2025 7:39 PM

views 17

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ জোনবিল মেলাত মুখ্য অতিথি  হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকিৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব। বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাত পাহাৰ-ভৈয়ামৰ সম্প্ৰ...

January 12, 2025 11:59 AM

views 27

জাগীৰোডৰ জোনবিলৰ পাৰত  ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যাব। ১৬ তাৰিখৰ পুৱাই পাহাৰৰ মামা-মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। ১৭ জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠ...

December 9, 2024 1:11 PM

views 32

জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদ্ৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ অৰ্ধশতাধিক গাঁৱৰ লগতে মেঘালয়ৰ ২০ খনৰো অধিক গাঁৱৰ মামা-মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্রথাত অংশগ্রহণ কৰিব। জ...