ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্বমূলক বাণিজ্যিক সম্পৰ্কৰ ওপৰত শতিকাটোৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে বুলি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে মন্তব্য কৰিছে। তেওঁ কয়, যে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক আলোচনাৰ বাবে আনুষ্ঠানিকভাৱে চৰ্ত চূড়ান্ত কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ পৰিকল্পনা প্রস্তুত কৰা হৈছে। জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ দিয়ে। ভান্সে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক নীতিক সমালোচনা কৰা হৈছে যদিও প্ৰকৃততে তেওঁ ভাৰসাম্য বাণিজ্যিক পৰিৱেশহে সৃষ্টি কৰিছে। তেওঁ কয়, যে প্ৰতিৰক্ষা খণ্ডত ভাৰত হৈছে আমেৰিকাৰ ঘনিষ্ঠ আৰু বিশ্বাসী সহযোগী। আমেৰিকাই ভাৰতক বিশ্বমানৰ প্ৰতিৰক্ষা সা-সঁজুলি যোগান ধৰিবলৈ বিচাৰে বুলিও তেওঁ কয়। শক্তি খণ্ডতো উভয় ৰাষ্ট্ৰৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি তেওঁ কয়। শ্রীভান্সে ভাৰতত নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ দিশটোৰ লগতে জীৱন-ধাৰণৰ মান উন্নত কৰাৰ বাবে সা-সুবিধা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে।
Site Admin | April 22, 2025 8:20 PM | American Vice President India Visit
জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাষণ
