অপাৰেচন সিন্দূৰে এই কথা প্ৰমাণ কৰিছে যে, যদি কোনোবাই ভাৰতৰ প্ৰতি কু-দৃষ্টি নিক্ষেপ কৰে তেন্তে ভাৰতে সেই শত্ৰুক যথাযোগ্য প্ৰত্যুত্তৰ দিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। অপাৰেচন সিন্দূৰৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ উচিত প্ৰত্যুত্তৰ বাবে পাকিস্তানে চাৰি দিনতে আত্মসমৰ্পণ কৰিবলগীয়া হ’ল। সেনাবাহিনীয়ে মাত্র ২২ মিনিটত ৯ টা সন্ত্ৰাসবাদীৰ ঘাটি ধংস কৰে। শ্ৰী নাড্ডাই কয়, যে এই পদক্ষেপে সেনাবাহিনীৰ শক্তি, সাহস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ দক্ষতাকে প্ৰতিফলিত কৰিছে। এতিয়া দেশবাসী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিজকে সুৰক্ষিত অনুভৱ কৰে। শ্ৰী নাড্ডাই কয়, যে অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই, এই অভিযান অব্যাহত থাকিব।
শ্ৰী নাড্ডাই আজি জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত লোকমাতা অহল্যা বাই হোলকাৰ মহিলা সৱলীকৰণ সন্মিলনতো ভাষণ দিয়ে। তেওঁ কয়, যে এগৰাকী মহান সমাজ সংস্কাৰকে ধৰ্ম উৎসাহিত কৰাৰ লগতে ভাৰতীয় সংস্কৃতিৰ সুৰক্ষা বাবে কাম কৰি গৈছিল ৷ এইগৰাকী নির্ভিক আৰু সাহসী মহিলাই নাৰী সৱলীকৰণৰ বাবে বহু ঐতিহাসিক কাম কৰি গৈছে। অনুষ্ঠানত ভাষণ দি শ্ৰী নাড্ডাই স্বাস্থ্য খণ্ডত হোৱা সংস্কাৰৰ বিষয়ে উল্লেখ কৰি কয়, যে দেশত এক লাখ ৭৭ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ বিকশাই তোলা হৈছে। তেওঁ লগতে কয়, যে দেশৰ এক কোটিতকৈও অধিক ৩০ বছৰ উৰ্ধৰ নাগৰিকক মধুমেহ, কৰ্কট ৰোগ আদিৰ লগতে বিভিন্ন ৰোগৰ বাবে সেৱা আগবঢ়াই থকা হৈছে। মন্ত্ৰীগৰাকীয়ে আজি তিৰংগা যাত্ৰাতো ভাগ লয়।
Site Admin | May 31, 2025 8:00 PM | J P Nadda Meeting
জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ ভাষণ
