ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ৰ ওপৰত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন পাঁচজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে পুঞ্চ জিলাৰ শ্বাহ চাত্তাৰ বনাঞ্চল এলেকাত এই আক্রমণ সংঘটিত হয়। এই আক্রমণ অঞ্চলটোত এই বছৰ সংঘটিত প্ৰথমটো গুৰুতৰ সন্ত্ৰাসবাদী আক্রমণ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।