ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত

জম্মু-কাশ্মীৰত আজি পুৱা ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি কষ্টিগড় অঞ্চলৰ জদ্দন বাটা গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। অনুসন্ধান অভিযানৰ বাবে চৰকাৰী বিদ্যালয়ত স্থাপন কৰা অস্থায়ী নিৰাপত্তা শিবিৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পাছত সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ মাজত এঘণ্টাতকৈও অধিক সময়জুৰি চলা গুলীচালনাত সেনা বাহিনীৰ দুজন জোৱান আঘাতপ্ৰাপ্ত হয়। উল্লেখযোগ্য যে যোৱা সোম আৰু মঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন কেপ্তেইনসহ সেনাবাহিনীৰ চাৰিগৰাকী সদস্য নিহত হোৱাৰ পাছত ডেচ্ছা আৰু ইয়াৰ সংলগ্ন বনাঞ্চলসমূহত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অনুসন্ধান অভিযান অব্যাহত আছে।