ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই পৰ্যায়ৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়নপত্র দাখিল কৰিছে। কালি মনোনয়নপত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত অহা ২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰৰ ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীয়ে মুঠ ৩২৯ খন মনোনয়নপত্ৰ দাখিল কৰিছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিভানসভা নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।