ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু-কাশ্মীৰত হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত ৩ জন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু

■ পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত বিগত তিনি দিন ধৰি হৈ থকা হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত তিনিজন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু হৈছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, এই সংঘৰ্ষৰ ফলত ১৭২ জন আৰক্ষী জোৱান আৰু ৫০ জন সাধাৰণ নাগৰিক আহত হৈছে।
উল্লেখযোগ্য যে পাক অধিকৃত কাশ্মিৰৰ যুটীয়া আৱামী একচন কমিটীৰ নেতা শৌকত নৱাজ মিৰে অঞ্চলটোৰ প্ৰনাসনীয় সংস্কাৰ আৰু ৰাজহুৱা সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবী সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাতো মিলিত হৈছিল। পাকিস্তানৰ সংবাদমাধ্যমত প্রকাশিত বাতৰি অনুসৰি চৰকাৰে সংগঠনটোৱে উত্থাপন কৰা কেইবাটাও দাবী মানি লৈছে। কিন্তু দুয়োপক্ষৰ মাজত হোৱা আলোচনা পৰৱৰ্তী সময়ত বিফল হয় আৰু সংগঠনটো পুনৰ প্ৰতিবাদত নামে। ইয়াৰ পিছতে প্ৰতিবাদকাৰী, স্থানীয় জনতা আৰু আৰক্ষীৰ মাজত হঠাৎ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষই ক্ৰমাত হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলতে ২১ জন লোকে মৃত্যুক সাবটি ল’ব লগীয়া হয়।
জানিব পৰামতে সমগ্ৰ অঞ্চলটোতে ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।
উল্লেখযোগ্য যে সীমান্ত থকা শাসকীয় অভিজাত শ্রেণীয়ে ভোগ কৰি অহা বিশেষাধিকাৰৰ অন্ত পেলোৱা, শৰণাৰ্থীৰ বাবে সংৰক্ষিত ১২খন বিধানসভাৰ আসন বিলুপ্ত কৰা, কোটা ব্যৱস্থা আঁতৰোৱা, সমগ্র ভূখণ্ডতে বিনামূলীয়া আৰু সমপৰ্যায়ৰ শিক্ষা প্ৰদান কৰা, বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা দিয়া, অঞ্চলটোৰ ন্যায়িক কামকাজৰ সংস্কাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নকে ধৰি কেইবাটাও দাবী সংগঠনটোৱে উত্থাপন কৰি আহিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।