ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মুৰ ৰামৱান জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু; উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

জম্মুৰ ৰামৱান জিলাৰ চেৰিৱাগনা অঞ্চলত কালি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এই ঘটনাত দুগৰাকী শিশু আৰু এগৰাকী বয়োজ্যেষ্ঠ লোককে ধৰি মুঠ ৩ জন লোকৰ মৃত্যু হৈছে। ১০০কৈও অধিক লোকক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে যোৱানিশা অঞ্চলটোত প্ৰচণ্ড শিলা বৃদ্ধি কেইবাটাও ঠাইত ভূমিস্খলন আৰু প্ৰবল ধুমুহা হৈছিল। ভূমিস্খলন আৰু কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ বহু সা-সম্পত্তি আৰু যান-বাহনৰ ক্ষতি হয়। ইপিনে, তুষাৰপাতৰ ফলত এটা দিনৰ বাবে গাড়ীৰ চলাচল বন্ধ কৰি ৰখা জম্মু-কাশ্মীৰৰ ঐতিহাসিক মোগল পথটো আজি পুনৰ মুকলি কৰি দিয়া হৈছে। এই পথটোৱে জম্মুৰ দুখন সীমান্ত জিলা ৰাজৌৰি আৰু পুঞ্চক কাশ্মীৰ উপত্যকাৰ চফিয়ান জিলাৰ লগত সংযোগ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, তুষাৰপাতৰ ফলত এটা দিনৰ বাবে এই পথেৰে যাতায়ত বন্ধ কৰি দিয়াৰ পাছত আজি পথটোৰে পুঞ্চৰ পৰা চফিয়ান জিলালৈ যাত্ৰাৰ বাবে লঘু যান-বাহনৰ চলাচলত অনুমতি দিয়া হৈছে। ইপিনে, ৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ, শ্ৰীনগৰ-সোনমার্গ-গুমৰী পথ আৰু চিহ্ন পথ প্ৰতিকূল বতৰ আৰু পথৰ দূৰৱস্থাৰ বাবে বন্ধ কৰি ৰখা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কৰ্তৃপক্ষই এইকেইটা পথেৰে যাত্ৰা নকৰিবলৈ আৰু চৰকাৰী সূত্ৰৰ মাধ্যমেৰে সময়ৰ সঠিক তথ্য লাভৰ বাবে যাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। পথৰ অৱস্থাৰ বিষয়ে জানিবলৈ আৰু যিকোনো সহায়ৰ বাবে যাত্ৰীসকলে জন্মৰ বাবে ০১৯১-২৪৫৯০৪৮, ০১৯১-২৭৪০৫৫০, ৯৪১৯১৪৭৭৩২, শ্ৰীনগৰৰ বাবে ০১৯৪-২4500২২, ২৪৮৫৩৯৬, ৰামবানৰ বাবে ৯৪১৯৯৯৩৭৪৫, খিষ্টৱাৰৰ বাবে ৯৯০৬১৫৪১০০, উধামপুৰৰ বাবে ৮৪৯১৯২৮৬২৫ আদি হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে। যাত্ৰীসকলে চৰকাৰী যানবাহন আৰক্ষীৰ টুইটাৰ হেণ্ডেল, ফেচবুক পেজলৈ গৈ সৱিশেষ তথ্য লাভ কৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক