জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ-জম্মু মাৰাথন-২০২৫ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা, স্বাস্থ্যকৰ জীৱন-যাপন আৰু সামূহিক অংশগ্রহণ বৃদ্ধিৰ উদ্দেশ্যেই ইয়াৰ আয়োজন কৰা হৈছে। অধিক লোকৰ অংশগ্ৰহণৰ লক্ষ্যৰে একতাৰ দৌৰত ১০টা বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি পুৰুষ,মহিলা,জুনিয়ৰ,বৰ্ষীয়ান, ছাব জুনিয়ৰ আৰু জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন বিভাগত যোগদান কৰিব পাৰিব। এই প্ৰতিযোগিতাত প্ৰধান প্ৰধান বিভাগ সমূহৰ প্ৰথম তিনি গৰাকী বিজয়ীক ক্ৰমে ৫০হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ’ব। প্ৰতিযোগিতাৰ মুঠ প্রাইজমানিৰ পৰিমাণ ৪লাখ ৭০ হাজাৰ টকা।
প্রধান বিভাগসমূহৰ ভিতৰত আছে-পুৰুষৰ ২১.০-৯-৭-৫ কিলোমিটাৰ অধৰ্মাৰাথন, ১৮বছৰ বয়সৰ উৰ্ধৰ পুৰুষ-মহিলাৰ ১০ কিলোমিটাৰ দৌৰ। তদুপৰি, জ্যেষ্ঠ নাগৰিক, মহিলা, সৰু ল’ৰা-ছোৱালী আৰু সাধাৰণ লোকৰ বাবে ২ কিলোমিটাৰ জোৰা বিশেষ দৌৰৰ ব্যৱস্থা কৰা হৈছে।