May 13, 2024 8:29 PM | Arrest

printer

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে উৎকোচ লোৱা অৱস্থাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ এজন লোকৰ পৰা বিলৰ ধন মোকলাই দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰ পৰা খাপ পিতি থকা তদন্তকাৰী দলে অভিযন্তা গোস্বামীক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পাছত তদন্তকাৰী দলে অভিযুক্তৰ হেঙেৰাবাৰীৰ বাসগৃহত অভিযান চলাই প্রায় ৮০ লাখ টকা উদ্ধাৰ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।