September 23, 2025 11:07 AM | Zubeen Garg

printer

জনতাৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ আজি পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেল যোগে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজি শেষকৃত্য সময়ৰ কিছু সালসলনি হ’ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইমছৰ বিশেষজ্ঞ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰিছে।

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নীৰ বিষয়ে কোনো তথ্যবিহিনভাৱে আপত্তিজনক মন্তব্য কৰি থকা সকলক আইনে সহজভাৱে নল’ব বুলিও সকীয়াই দিয়ে। তেওঁ আৰক্ষী আৰু আইনৰ ওপৰত আস্থা ৰাখি চলিবলৈ আহ্বান জনায়। তেওঁ লগতে সামাজিক মাধ্যমত ঘটনাটোৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য বিয়পাই থকা সকলক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত বিবৃতি দিবলৈও পৰামৰ্শ দিয়ে। অসম আৰক্ষীৰ দল তদন্তৰ বাবে ছিংগাপুৰলৈ গৈ ঘটনাস্থলীৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে আজি বিয়লি ২ বজাৰ পাছত দোকান-পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলা ৰাখিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কোনো লোকে ব্যৱসায়ীসকলক তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে ভাবুকি দিলে চৰকাৰে উচিত ব্যৱস্থা ল’ব বুলি সকীয়াই দিয়ে। তেওঁ কোনো লোককে আইন হাতত তুলি নল’বলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।