December 2, 2025 10:06 PM | Hornbill

printer

জনজাতীয় নৃত্য-গীতেৰে মুখৰ হর্নবিল মহোৎসৱ

নগা যুৱক-যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য, দেশ-বিদেশৰ শিল্পীৰ সংগীত আৰু সুস্বাদু খাদ্য সম্ভাৰৰ জুতি ল’বলৈ নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত অনুষ্ঠিত হর্নবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম হৈছে। জনজাতীয় নৃত্য-গীতে মুখৰ কৰি তোলা এই মহোৎসৱ বিভিন্ন হস্তকলা আৰু থলুৱা ক্রীড়া প্ৰতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্ৰতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দর্শকসকলক আকৰ্ষিত কৰিছে উল্লেখযোগ্য যে কালিৰে পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মুখ্য অতিথি হিচাপে অংশ লয়। হর্নবিল মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱে নাগাসকলৰ চহকী সংস্কৃতি আৰু বিচিত্ৰতা প্ৰকাশ কৰে বুলি মন্তব্য কৰে। এই বছৰ ব্ৰিটেইন আয়াৰলেণ্ড, ফ্রান্স, অষ্টিয়া, মাল্‌টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই হর্নবিল মহোৎসৱ নাগাসকলৰ জীৱন আৰু জীৱিকাৰ লগতে সংস্কৃতি প্ৰতিফলন আৰু আগুৱাই নিয়াৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে।