জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ কৰে। অহা ৩০ জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতিপ্রধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা, পি এম কিষাণ, জন-ধন একাউণ্টৰ সুবিধাকে ধৰি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ ৬ হাজাৰখন জনজাতি বসতিপ্রধান গাঁৱক সামৰি চলিত বছৰত এই অভিযান ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী ৫ বছৰত প্ৰতিখন গাঁৱতে এই কাৰ্যসূচী চলিব বুলিও মুখ্যমন্ত্রীয়ে কয়। এই অভিযান শুভাৰম্ভ কৰাৰ বাবে আয়োজিত ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকসকলৰ ঐতিহ্য সংৰক্ষণ আৰু সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এই অভিযানৰ অধীনত সামাজিক দিশত গুৰুত্বপূৰ্ণ ব্যৱধান দূৰ কৰি আৰ্থিক স্বাৱলম্বিতা বৃদ্ধি, গুণগত শিক্ষা, স্বাস্থ্যসেৱা আৰু জীৱিকাৰ সুবিধা প্ৰদান কৰা হ’ব।
Site Admin | June 15, 2025 7:50 PM | Assam CM HBS inaugurate Dharti aba
জনজাতীয়সকলৰ কল্যাণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ