June 15, 2025 7:50 PM

views 21

জনজাতীয়সকলৰ কল্যাণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ

জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ কৰে। অহা ৩০ জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতিপ্রধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা, পি এম কিষাণ, জন-ধন একাউণ্টৰ সুবিধাকে ধৰি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ ৬ হাজাৰখন জনজাতি বসতিপ্রধান গাঁৱক সামৰি চলিত বছৰত এই অভিযান ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী...