ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে বুলি কালি সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে জানিবলৈ দিয়ে। কালি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেণ্ডৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সমিতিয়ে এই কথা স্পষ্ট কৰে। আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে কথোপকথনত শ্ৰী খাখলাৰীয়ে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে। বৈঠকত ডাঃ পেগুৱে মন্ত্রীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচীত জনজাতিৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত ৰক্ষাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে সমন্বয়ৰক্ষী সমিতিক মন্ত্রীগোটৰ প্ৰতিবেদনৰ পঞ্চম আৰু ষষ্ঠ দুয়োটা অধ্যায় পৃথকে পৃথকে পঢ়াৰ পৰিৱৰ্তে
সমন্বিতৰূপত পঢ়িবলৈ আহ্বান জনায়। সমিতিখনে এই সন্দৰ্ভত নিজাববীয়াকৈ এটা বিশেষজ্ঞ গোট গঠন কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি অৱগত কৰে। শ্ৰী খাখলাৰীয়ে লগতে আলোচনাৰ মাধ্যমেৰে সুস্থ পৰিৱেশত সকলো সমস্যাৰ বিজ্ঞানসন্মত সমাধান উলিওৱা সম্ভৱ বুলি মন্তব্য কৰে। তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত গঠন হোৱা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ কাৰণে এমাহৰ আন্দোলন কাৰ্যসূচী স্থগিতকৰণৰ বিষয়ে ঘোষণা কৰে। এই বিষয়ে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঃ সুভাষ ৰাভাইও সহমত প্রকাশ কৰে।
অৱশ্যে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এই স্থিতিৰ বিপৰীতে কালি সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্র সমাজে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰতিবাদী সমদল বাহিৰ কৰে।
Site Admin | December 5, 2025 12:25 PM | 6th scheduled protest Assam | Akashvani | Akashvani Guwahati
জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে