December 5, 2025 12:25 PM

views 28

জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে বুলি কালি সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে জানিবলৈ দিয়ে। কালি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেণ্ডৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সমিতিয়ে এই কথা স্পষ্ট কৰে। আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে কথোপকথনত শ্ৰী খাখলাৰীয়ে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহ...

November 17, 2025 6:39 PM

views 41

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ জিলাকেইখনত প্ৰতিবাদ অব্যাহত আছে। আজি দিছপুৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদ অসমে এখন সংবাদমেলত অনুষ্ঠিত কৰি জনজাতিকৰণৰ দাবী সজোৰে উত্থাপন কৰে। এই দাবী পূৰণ নহ'লে অনাগত সময়ত আন্দোলন তীব্ৰ কৰি তোলা হ'ব বুলিও তেওঁলোকে লগতে উল্লেখ কৰে।