ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 20, 2025 11:27 AM | Badminton | SPORTS

printer

ছুইচ অ’পেন বেডমিণ্টনৰ মহিলাৰ ডাবল্‌ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটি

■ ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো আজি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইচ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবল্‌ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ ছেলিন হচছ আৰু এমিলি লেহমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় যুটিটো কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলাইন মুলৰ আৰু নেডাৰলেণ্ডৰ কেলি ৱেন বিউটেনৰ যুটিটোক ২১-১৬, ২১-১৭ গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ কিদাম্বি শ্রীকান্তে কালি সতীৰ্থ খেলুৱৈ এইচ এছ প্রণয়ক ২৩–২১, ২৩–২১ গেমত পৰাভূত কৰে। ইপিনে, মহিলাৰ ছিংগল্‌ছত মালৱিকা বঙ্গোড়ে কানাডাৰ মিছেল লিক ২২–২০, ১৪-২১, ১৯-২১ গেমত পৰাস্ত কৰে। অৱশ্যে অলিম্পিকত দুবাৰকৈ পদক বিজয়ী পি ভি সিন্ধু ডেনমাৰ্কৰ জুলি ডাৱাল জেকবছেনৰ হাতত ১৭-২১, ১৯-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ৷